logo

Darrang udalguri lokosabha samastir Congress friends to challenge.

দৰং-ওদালগুৰী লোকসভা সমষ্টিৰ কংগ্ৰেছী বন্ধুসকললৈ মুকলি আহ্বান

মঙ্গলদৈ লোকসভা সমষ্টিটো বিগত ২০ বছৰে বিজেপিৰ দখলত আছে। বিজেপিৰ দখলৰ পৰা আজুৰি আনিবলৈ কংগ্ৰেছ দলে ইতিপূৰ্বে সকলো ধৰণৰ শক্তি প্ৰয়োগ কৰিও সফল হব পৰা নাই। কংগ্ৰেছে AIUDFৰ সমৰ্থন লৈয়ো চেষ্টা কৰি বিফল হৈছে। পিছত অৱশ্যে সেই প্ৰাৰ্থী ভূৱনেশ্বৰ কলিতাও BJPত যোগদান কৰিছে।

বৰ্তমান আমাৰ সমষ্টিত কংগ্ৰেছৰ অৱস্থা পূৰ্বতকৈ বহুত বেছি পুতৌলগা। মঙ্গলদৈ লোকসভা সমষ্টিৰ অন্তৰ্গত কংগ্ৰেছ দলৰ একমাত্ৰ বিধায়ক বসন্ত দাসেও কংগ্ৰেছ এৰি BJPৰ লগত সংযুক্ত হৈছে। কংগ্ৰেছৰ হৈ ছিপাঝাৰত নিৰ্বাচন খেলি মাত্ৰ তিনি হাজাৰ ভোটত পৰাজিত হৱো শক্তিশালী নেতা কুলদীপ বৰুৱাও বিজেপিত যোগদান কৰিছে।

কংগ্ৰেছৰ মনোনীত জনসম্পৰ্কহীন 70 বছৰীয়া বয়োজ্যেষ্ঠ প্ৰাৰ্থীগৰাকীয়ে বিজেপিৰ শক্তিশালী প্ৰাৰ্থী দিলীপ শইকীয়াক পৰাজিত কৰিব পাৰিব বুলি তথ্যভিত্তিক কোনো যুক্তি কংগ্ৰেছী সকলৰ হাতত আছে বুলি মোৰ বিশ্বাস নহয়। ভোটৰ বিন্যাসো কংগ্ৰেছৰ সপক্ষে নাই।

গতিকে বৰ্তমানৰ দৰং-ওদালগুৰী লোকসভা সমষ্টিৰ BPF দলৰ শক্তিশালী প্ৰাৰ্থী দূৰ্গা দাস বড়োক AIUDFয়ে একমাত্ৰ BJPক পৰাজিত কৰাৰ বাবে মুকলি সমৰ্থন আগবঢ়োৱাৰ বাবে কংগ্ৰেছী বন্ধুসকলে দেখিছোঁ সাংঘাতিক ধৰণে আক্ৰমণ কৰা পৰিলক্ষিত হৈছে।

সেয়ে কংগ্ৰেছী বন্ধুসকলক আহ্বান জনাইছোঁ একমাত্ৰ বিজেপিক পৰাজিত কৰাৰ স্বাৰ্থে AIUDFৰ দৰে আপোনালোকেও BPFৰ প্ৰাৰ্থীক সমৰ্থন জনাওক। আৰু সম্ভৱ হলে BPFৰ হৈ প্ৰচাৰ চলাওঁক।

শেষত BPFৰ প্ৰাৰ্থী দূৰ্গা দাস বড়ো যে বিজয়ী হব তাৰ দুটামান তথ্য ভিত্তিক যুক্তি আগবঢ়াব বিচাৰিছোঁ-
আমাৰ সমষ্টি টোত মূঠ ভোটাৰৰ সংখ্যা হৈছে প্ৰায় ২২ লাখ। BTCৰ ভিতৰত ভোটাৰ হৈছে ১১ লাখ প্লাছ আৰু BTCৰ বাহিৰত হৈছে ১০ লাখ প্লাছ। BTCৰ ভিতৰত ১১ লাখৰ পৰা ৭ লাখ ভোট বহুত সহজেই BPFৰ প্ৰাৰ্থীয়ে লাভ কৰিব তাত কোনো সন্দেহ নাই।

কাৰণ ওদালগুৰি জিলাৰ প্ৰায় ৭০ শতাংশ বড়ো খৃষ্টান। বিগত সময়চোৱাত RSS, BJPৰ কৰ্মীয়ে বিভিন্ন স্থানত খৃষ্টান আৰু গিৰ্জাঘৰত আক্ৰমণ কৰি খৃষ্টানসকক BJP বিদ্বেষী কৰি তুলিছে। ফলত ৯৯ শতাংশ ভোট BPF য়ে লাভ কৰিব।

আনহাতে দলগাঁও, মঙ্গলদৈ, ছিপাঝাৰ সমষ্টিত AIUDFৰ শক্তিশালী ভোট বেংকত অতি কমেও ৩ লাখ ভোট আছে। তাৰে ৯০ শতাংশ ভোট BPFয়ে লাভ কৰিব সেই কথা ইতিমধ্যে স্পষ্টহৈ পৰিছে। আৰু দূৰ্গাদাস বড়োৰ নিজস্ব কিছু ভোট দৰং-ওদালগুৰী লোকসভা সমষ্টিৰ সকলো অঞ্চলতে আছে।

দৰং-ওদালগুৰী সমষ্টি টোত বৰ্তমান কংগ্ৰেছৰ নিজস্ব কোনো শক্তিশালী ভোটবেংক নাই তাৰ বিপৰীতে BPF, AIUDF, শক্তিশালী ভোট বেংক আছে।

আৰু হতাশগ্রস্ত দিলীপ শইকীয়াৰ আটাইতকৈ দূৰ্বল দিশটো হৈছে দিলীপ শইকীয়াৰ গৃহ সমষ্টি নলবাৰী সমষ্টিটো বৰ্তমান বৰপেটাত আছে যৰপৰা তেওঁ যোৱাবাৰ ১ লাখ ১০ হাজাৰ ভোট লাভ কৰিছিল।

গতিকে কংগ্ৰেছে যদি সচাকৈয়ে বিজেপিৰ চালানী (বৰপেটাৰ) প্ৰাৰ্থী দিলীপ শইকীয়াক পৰাজিত কৰিব বিচাৰে তেন্তে BPF, AIUDFৰ বিৰোধীতা নকৰি BJPৰ বিৰুদ্ধে জনমত গঠন কৰক আৰু BPFৰ প্ৰাৰ্থীক ভোট দিবলৈ ৰাইজক বুজাবলৈ আহ্বান জনালোঁ।

পাৰভেজ মাৰুফ
সাঃ সম্পাদক, কেন্দ্রীয় সমিতি, বিপিএফ যুৱ শাখ।

25
12784 views